Multibhashi

মাল্টিভাষীৰ টীম, গাকু নাকামুৰাৰ সৈতে, চিইঅ‘, ৰেয়াৰজব

মাল্টিভাষীয়ে এইটো ঘোষণা কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে যে বিনিয়োগৰ শেহতীয়া পৰিক্ৰমাত, ৰেয়াৰজব ইংকৰ নেতৃত্বত,এখন জাপানত লিষ্টেড,অনলাইন ইংৰাজী শিকোৱা অনুস্থানসমূহৰ ভিতৰত অন্যতম আগশাৰীৰ ফাৰ্ম, এদল বিনিয়োগকাৰীৰ পৰা পুঁজি লাভ কৰিছে|

মাল্টিভাষীক 2 বছৰৰ আগতে,কোনো এটা ভাষা,যিটো ব্যৱহাৰকাৰীসকলৰ বাবে নতুন,তাক দক্ষতাৰে শিকাৰ ক্ষেত্রত সহায় কৰাৰ একমাত্র লক্ষেৰে প্ৰতিস্থা কৰা হয়|আজি মাল্টিভাষীৰ 15 লাখ ইউজাৰ আছে|এই স্টাৰ্টআপটো প্ৰতিস্থিত গতিবৰ্দ্ধক যেনে এফবি স্টাৰ্ট, এক্সিলৰ, গ্ৰেমেটাৰ্চ কেপিটেল, দব্লিউএচ এডুস্টাৰ্ট আৰু গুগল লন্চপেড ইত্যাদিৰ দ্বাৰা নিৰ্বাচিত হৈছে|

মাল্টিভাষীয়ে 11 টা ভাষাৰ যোগেদি(ইংৰাজী,কানাৰা,তামিল,মালয়ালম,তেলেগু,মাৰাথি,পাঞ্জাবী,গুজৰাটী,উৰিয়া,বাংলা,হিন্দী ইত্যাদি) ইংৰাজী শিকায়|প্ৰায় 27,000 ইউজাৰে ইয়াক 5ৰ ভিতৰত 4.4ৰ ৰেটিং দিছে,যি ইয়াক শিক্ষা/শিকা ক্ষেত্রখনৰ এটা অন্যতম শীৰ্ষ এপ্প হিচাপে পৰিগণিত কৰিছে|এইটো কেইটামান লাৰ্নিং এপ্পৰ ভিতৰত অন্যতম যাৰ শিকা কামটো অধিক নিমজ্জিত কৰা এটা চা্টব’ট আৰু এটা ভইচব’ট আছে|কমিউনিটি ফিচাৰৰ দৰে আন কিছুমান ফিচাৰে এপ্পটোত পিয়েৰ লাৰ্নিংক উৎসাহিত কৰিছে | প্ৰিমিয়াম/পেইড ক’ৰ্চসমূহৰ বাবে মানৱ শিক্ষকৰ দ্বাৰা লাইভ চাপ’ৰ্টৰ ব্যৱস্থাও আছে

app screens

লক্ষ্য কৰি লোৱা 46 কোটি ব্লু আৰু গ্ৰে’ কলাৰড ভাৰতীয় প্ৰফেছনেলৰ ক্ষেত্রত মাল্টিভাষী যথেষ্ট আত্মবিশ্বাসী,যি তেওঁলোকৰ বাবে এটা উন্নত জীৱিকা আৰু জীৱনশৈলীৰ পথ তৈয়াৰ কৰিব পৰাকৈ ইংৰাজী ভাষাত যোগাযোগৰ ক্ষেত্রত নিজৰ দক্ষতা বৃদ্ধি কৰিব বিচাৰে|

 এই একক অংশটোৰ প্ৰয়োজনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি,মাল্টিভাষী প্ৰডাক্টে দ্বিভাষিক প্ৰশিক্ষণৰ ওপৰত (11 টা ভাৰতীয় ভাষাৰ মাধ্যমত ইংৰাজী শিকোৱা),

কামৰ ভুমিকা সম্বন্ধীয় কন্টেক্চুৱেলাইজেচন আৰু ভাৰ্চুৱেল টিউটৰ লেড লাৰ্নিংৰ ক্ষেত্রত গধূৰ আলোকপাত কৰে|

মাল্টিভাষীৰ প্ৰতিস্থাতা অনুৰাধা আগৰৱালে কৈছে,”নিজৰ মিচনৰ প্ৰতি সততা ৰক্ষা কৰি,দলটোক 

শক্তিশালী কৰাৰ বাবে,প্ৰদাক্ত উন্নত কৰিবৰ বাবে আৰু বজাৰৰ আধিক গভীৰলৈ সোমাবৰ বাবে আমি এই শেহতীয়া পৰিক্ৰমাটো হাতত লৈছো”|মাল্টিভাষীৰ ভিজন হৈছে লাখ লাখ ভাৰতীয়ক গ্লবেলী প্ৰতিযোগী কৰি তোলা আৰু জাপানতো এটা একেধৰণৰ ভিজনৰ সৈতে ,ৰেয়াৰজব আৰু মাল্টিভাষীয়ে দুখন বৈচিত্রপূৰ্ণ বজাৰত পৰস্পৰে আহৰণ কৰা অভিজ্ঞতাৰ পৰা উভয়েই শিকাৰ বাবে আগ্ৰহেৰে বাট চাইছে|

গাকু নাকামূৰা,চিইঅ‘, ৰেয়াৰজব,অনুৰাধা আগৰৱালৰ সৈতে,ফাউন্দাৰ,মাল্টিভাষী

মাল্টিভাষীৰ দৰে এটা তৰুণ স্টাৰ্টআপৰ বাবে ৰেয়াৰজবৰ কাহিনী বেচ অনুপ্ৰেৰণাদায়ক আৰু আমি এখন প্ৰতিযোগিতামূলক বজাৰত প্ৰডাক্ত আৰু টীমটোক বৃদ্ধি কৰা তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকাৰ বাবে আগ্ৰহেৰে বাট চাইছো|

সকলো ঠাইতে,সকলোৰে বাবে সুযোগ গ্ৰূপটোৰ এই ভিজনৰ সৈতে ৰেয়াৰজবে,মানুহে গ্লবেলী সক্ৰিয় ভুমিকা পালন কৰিব পৰাকৈ এখন প্লেটফৰ্মগঢ়ি তোলাৰ লক্ষ্য হাতত লৈছে আৰু ইংৰাজী শিকিবলৈ চেষ্টা কৰা 1 কোটি জাপানীজ লোকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে|কোম্পানীটোৱে 2007 চনত এটা সৰু স্টাৰ্টআপ হিচাপে নিজৰ যাত্রা আৰম্ভ কৰে আৰু সোনকালেই নতুন শিখৰ অৰোহন কৰি 2014 চনত এটা পাব্লিক লিষ্টেড কোম্পানী হয়| 

চিইঅ‘,ৰেয়াৰজবচ,গাকু নাকামুৰাই কয়,”আমি যেতিয়া ভাৰতীয় ইংৰাজী শিক্ষাৰ ইকচিষ্টেমত থকা খেলুৱৈসকললৈ চাইছিলো,তেতিয়া দেখিছিলো বেছিভাগেই ব্ৰিক এন্ড মৰ্টাৰ মডেলৰ সৈতে আছে ,যিবোৰ গ্ৰাহকৰ বাবে বেছিকৈ গ্ৰহন কৰিব পৰাও নহয় আৰু প্ৰকৃততে ক্ৰয় কৰিব পৰা বিধৰো নহয়, নাইবা অনলাইন খেলুৱৈসকল, যি কেৱল চেল্ফ লাৰ্নিংহে আগবঢ়াইছিল আৰু গেমিফিকেচন তথা এনগেজমেন্ট মেট্ৰিকচৰ ওপৰত বেছিকৈ জোৰ দিছিল| শিকাৰ ফলাফলৰ ওপৰত হোহঁকা পিছলা নকৰাকৈ জোৰ দি,চেল্ফ লাৰ্নিং আৰু টিউটৰ লেড লাৰ্নিংৰ মিশ্ৰণেৰে শিকাৰ প্ৰকৃত ফলাফল আগবঢ়াব পৰা এটা একক মডেলৰ সৈতে মাল্টিভাষী পৃথক হৈ ৰৈছিল|”  

“সকলো অভিলাষী ভাৰতীয়ৰ বাবে ইংৰাজী শিকাটো এটা আংকাংক্ষাযুক্ত লক্ষ্য,বিশেষকৈ ব্লু আৰু গ্ৰেকলাৰ কৰ্মীসকলৰ বাবে যি এইটো জানে যে ইংৰাজীত ব্য়ুৎপত্তি থকাটোৱে তেওঁলোকক আৰু বেছি ভাল চাকৰি পোৱাত সহায় কৰিব|মাল্টিভাষীয়ে এই সমস্যাটো টেকনজি আৰু লাইভ হিউমেন চিংৰ মিশ্ৰণৰ দ্বাৰা সমাধা কৰি আছে|এইখন এখন বৃহৎ বজাৰকেৱল ভাৰততেই নহয়,বিশ্বৰ ভিতৰতেও| 2 বছৰৰ আগতে যেতিয়া মই মাল্টিভাষীত বিনিয়োগ কৰো, তেতিয়া তেওঁলোকৰ কেৱল 1 লাখ উপভোক্তা আছিল|তেওঁলোকে প্ৰডাক্তটো অতি পুঁজিদক্ষভাৱে বজাৰৰ বাবে উপযুক্ত বুলি প্ৰদৰ্শন কৰিছিল|মই কোম্পানীটোৰ ভৱিষ্যতৰ বাবে উৎসাহী হৈ ৰৈছো কাৰণ তেওঁলোক হিচাপী আৰু জয়ৰ অধিকাৰ আছে বুলি ইতিমধ্যে প্ৰমান কৰিছে “|মাল্টিভাষীৰ বৰ্তমানৰ বিনিয়োগকাৰী,ডঃ আনিৰূদ্ধ মালপানিয়ে কয়|

ভাৰতীয় কথিত ভাষাৰ দৃশ্যপট,স্টাৰ্টআপ ক্ৰিয়াকলাপৰ অভিকেন্দ্ৰ আৰু ইংৰাজী শিকাটো এই খন্ডৰ এটা মূল দাবী|এই প্ৰত্যাহ্বান সমাধা কৰিবলৈ আৰু এই বৃহৎ সুযোগৰ সদব্যৱহাৰ কৰিবলৈ,মাল্টিভাষীয়ে,এটা স্পষ্টভাৱে নিৰ্ধাৰিত প্ৰদাক্ত ষ্ট্ৰেটেজী আৰু গভীৰ অনুভূতি তথা বিশ্বাসেৰে পৰিপূৰ্ণ টীমৰ সৈতে সঠিক পথেৰে আগবাঢ়িছে|

Learn Online Courses
Learn Through Live Online Classes
Online Training Learn From the Comfort of Your Home

Online Training Live Interactive Classes

Online Training Tailor Made For You

Online Training
Need to know more about Live Classes? Request Callback
Learn Free
Start Learning Test on Your Own for Free!